Inaugurate the first academic session of the Post Graduate Programme in Management at IIM Guwahati
অসমৰ উচ্চ শিক্ষাৰ বাবে এক ঐতিহাসিক দিন । আজি অৰ্থাৎ মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ বঙৰাস্থিত আইআইএম গুৱাহাটীত স্নাতকোত্তৰ ব্যৱস্থাপনা পাঠ্যক্ৰম ২০২৬-২৮ ৰ প্রথম শৈক্ষিক অধিবেশন উদ্বোধন কৰে ৷ লগতে এই উদ্বোধনা কাৰ্যসূচীতে তেওঁ ৫২ জনীয়া ছাত্ৰ-ছাত্ৰীৰ প্রথম গোটটোক আদৰণি জনায় ৷ আইআইএম আহমেদাবাদৰ তত্বাৱধানত চলি থকা এই প্ৰতিষ্ঠানটোৱে শৈক্ষিক উৎকৰ্ষতাৰ এক নতুন যুগৰ সূচনা কৰিছে ৷ জ্ঞান, উদ্ভাৱন আৰু নেতৃত্বৰ কেন্দ্ৰ হিচাপে অসমৰ পৰিচয় আৰু অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে । এইটো হৈছে ভাৰতৰ ২২ সংখ্যক আই আই এম (22nd IIM) আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আই আই এম শ্বিলঙৰ পাছত দ্বিতীয়টো আই আই এম শৈক্ষিক প্ৰতিষ্ঠান হিচাবে পৰিগণিত হৈছে ৷

Source: Etv Bharat